All>Art and Culture>Religious-Mythological>Hinduism>Ekasarana Dharma

Items in Ekasarana Dharma


1. Ekasarana Dharma(Proper Noun-Masculine) Damodardeva, was a Brahmin disciple of Srimanta Sankardeva who caused the first fissure in the Vaishnava movement in Assam, when he moved away from the main body led by Madhabdeva to form the Brahman-samhati, soon after the death of the Mahapurush. He founded many sattras, but the one at Patbaushi in Barpeta, where he lived for several years is the most important. He was born in 1488 and died in 1598. অসমৰ এজন বৈষ্ণব-ধৰ্ম্ম প্ৰবৰ্ত্তক এজনা মহান ব্যক্তি ৷ দামোদৰদেৱ আদিতে ব্ৰাহ্মণ আছিলে যদিও পিচত মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ শিষ্যত্ব গ্ৰহণ কৰি বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰৰ গুৰু দায়িত্ব গ্ৰহণ কৰিছিল ৷ শেষত যেনিবা মাধৱদেৱৰ সৈতে মতানৈক্য ঘটাত শঙ্কৰদেৱৰ পৰলোকপ্ৰাপ্তিৰ পিছত ব্ৰাহ্মণ-সংহতি বুলি এখন সমাজ গঠন কৰে ৷ তেখেতে বহুতো সত্ৰৰ প্ৰতিষ্ঠা কৰে আৰু তাৰ ভিতৰত বৰপেটাৰ পাটবাউসী সত্ৰ অন্যতম ৷
English: damodar,
Assamese: দামোদৰ, দামোদৰদেৱ, শ্ৰীশ্ৰীদামোদৰদেৱ,
Bangla: দামোদর

2. Ekasarana Dharma(Material Noun-Neuter) A prayer hall used by Vaishnavite Hindus in Assam, though its function is not limited to religious activities. It is also used as a community hall where various educational, political, cultural and developmental activities are discussed and undertaken in a democratic manner.
It is considered to be a contribution of the neo-vaishnavite movement in Assam. অসমৰ বৈষ্ণৱ ধৰ্মৰ লোক সকলে ভগৱানৰ নাম-কীৰ্তন কৰা উপাসনা ঘৰ৷ মহাপুৰুষ শঙ্কৰদেৱে একশৰণ নাম ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে প্ৰথম বাৰৰ কাৰণে নামঘৰ প্ৰতিষ্ঠা কৰে৷
English: namghar,
Assamese: কীৰ্তন ঘৰ, থান, নামঘৰ,
Bodo: नामघर

3. PersonalitiesLiteratureEkasarana Dharma(Proper Noun-Masculine) Mahapurusha Srimanta Sankardeva (1449-1568) saint-scholar, playwright,social-religious reformer, is a colossal figure in the cultural and religious history of Assam, India. Sankaradeva was born into the Shiromani (chief) Baro-Bhuyans family, near Bordowa in Nagaon in a village called Ali-pukhuri. He began attending the tol or chatrasaal(school) of the renowned scholar Mahendra Kandali at the age of twelve and soon wrote his first verses: karatalakamala kamaladalanayana | His literary works, we can divide in Six part as (1) Transliteration- Bhagavat (Book VI, VIII, I, II, VII, X, XI, XII; IX not available), Ramayana (uttarakanda). (2) Poetic works (kavya)- Harischandra-upakhyana, Rukmini-harana, Ajamilopakhyana, Bali-chalana Kurukshetra-yatra, Amrta-manthana. (3) Drama (Naat)- Patni-prasada, Kalia-damana, Keli-gopala, Rukmini-harana, Parijata-harana, Ram-vijay.(4) Songs - Borgeet, Bhatima (5) NamPrasang- Kirtana-ghosha, Gunamala.(6) Bhakti Theory- Bhakati-pradipa, Bhakti Ratnakara. Sattriya dance, that Sankaradeva first conceived and developed and which was later preserved for centuries by the sattras, is now among the classical dance forms of India.Thus, in 1568, after leading a most eventful life dedicated to enlighten humanity; the Mahapurusha passed away - within six months of his stay at Bheladonga -at the remarkable age of 120 years. মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ (১৪৪৯-১৫৬৮) অসমৰ নৱ-বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰক ৷ অসমৰ ধৰ্ম, সমাজ, সুকুমাৰ কলা, সাহিত্য-সংস্কৃতি সকলো ক্ষেত্ৰতে শঙ্কৰদেৱৰ অৱদান বিৰল ৷ ১৪৪৯ চনত নগাঁৱৰ আলিপুখুৰি নামে ঠাইত বাৰ-ভূঞাঁৰ বংশত তেখেতৰ জন্ম হয় ৷ বাৰ বছৰ বয়সত তেখেতে মহেন্দ্ৰ কন্দলীৰ টোলত শিক্ষা গ্ৰহণ কৰি অতি কম দিনৰ ভিতৰতে কোনো মাত্ৰা নোহোৱাকৈ এক অনুপম কবিতা (কৰতল কমল কমল দল নয়ন) ৰচনা কৰি নিজৰ প্ৰতিভাৰ পৰিচয দিছিল ৷ ৰচনাৰীতি অনুসৰি শঙ্কৰদেৱৰ ৰচনাক ছটা ভাগত ভগাব পাৰি (১) অনুবাদমূলক- ভাগৱতৰ প্ৰথম, দ্বিতীয়, দশম, একাদশ আৰু দ্বাদশ স্কন্ধ'ৰ অনুবাদ, উত্তৰাকাণ্ড ৰামায়ণ (২) কাব্য- হৰিশ্চন্দ্ৰ উপাখ্যান, ৰুক্মিনীহৰণ, বলিছলন, অমৃত মন্থন, কুৰুক্ষেত্ৰ, অজামিল উপাখ্যান (৩) অংকীয়া নাট- পত্নীপ্ৰসাদ, কালিয়াদমন, কেলিগোপাল, ৰুক্মিনী হৰণ, পাৰিজাত হৰণ, ৰামবিজয় (৪) গীত- বৰগীত, ভটিমা (৫) নাম প্ৰসঙ্গ- কীৰ্তন, গুণমালা (৬) ভক্তিতত্ত্ব- ভক্তি ৰত্নাকৰ, ভক্তি প্ৰদীপ ৷ শঙ্কৰদেৱে পোনপ্ৰথমবাৰৰ কাৰণে 'চিহ্নযাত্ৰা' নাট লিখি পটত চিত্ৰ আঁকি সাত বৈকুণ্ঠৰ তাৎপৰ্য ব্যাখ্যা কৰিছিল ৷ কীৰ্তন তেখেতৰ কবিত্বৰ শ্ৰেষ্ঠ নিদৰ্শন আৰু অসমীয়া সাহিত্যৰ কীৰ্তিস্তম্ভ ৷ অসমীয়া সংস্কৃতিলৈ নামঘৰ, সত্ৰ, খোল, আৰু মুখাশিল্প আৰু সত্ৰীয়ানৃত্ৰৰ ক্ষেত্ৰত শঙ্কৰদেৱৰ অৱদান উল্লেখযোগ্য ৷ ১৫৬৮ চনত প্ৰায় ছকুৰি বছৰ বয়সত শঙ্কৰদেৱৰ বৈকুণ্ঠপ্ৰয়াণ হয় ৷
English: Sankardev, Srimanta Sankardeva, Xongkordev,
Assamese: অধিকাৰী, গঙ্গাধৰ, গুৰুজনা, গোমস্তা, ডেকাগিৰী, বাণীনাথ, বৰআতা, শংকৰদেৱ, শঙ্কৰদেৱ, শ্ৰীমন্ত, শ্ৰীমন্ত শঙ্কৰদেৱ, শ্ৰীশ্ৰীশঙ্কৰদেৱ,
Dimasa: Sonkordeb

Related Idea:

a. Proper Noun-Masculine: Madhabdev, SriSri Madhabdev, বঢ়াৰ-পো, মাধৱদেৱ, শ্ৰীশ্ৰীমাধৱদেৱ...
b. Proper Noun: উৰেষা-বৰ্ণন...

4. Ekasarana DharmaSurname(Common Noun-Common) a person who care and supervision of a "Vaishnavite Namghar". It is also used as a surname in Assam by their descendants. নামঘৰৰ তত্ত্বাৱধায়ক, পুৱা-গধূলি নামঘৰত চাকি জ্বলোৱা, নামঘৰ পৰিষ্কাৰ কৰি ৰখা ব্যক্তি ৷
Assamese: নামঘৰীয়া, মঠঘৰীয়া

5. PersonalitiesLiteratureEkasarana Dharma(Proper Noun-Masculine) SriSri Madhabdeva (1489-1596) is an important preceptor of the Mahapuruxiya Dharma known for his loyalty to his guru, Srimanta Sankardev as well as his artistic brilliance. Madhabdeva was born in 1489 in "Horixinga Borah Ujiror Tol" and later shifted to a new home on the bank of Letekupukhuri in Lakhimpur District of Assam. Letekupukhuri is situated between Narayanpur and Bihpuria of Lakhimpur District. Initially a sakta worshipper, he was converted to Mahapuruxiya Dharma by the Sankardev and became his most prominent disciple. He became the religious as well as artistic successor of Sankardeva after the later's death in 1568. He is known particularly for his book of hymns, the Naam Ghoxa, as well as a large selection of songs called Borgeets. মহাপুৰুষ শংকৰদেৱৰ প্ৰিয় শিষ্য, সেৱক তথা প্ৰধান সংগী মহাপুৰুষ মাধৱদেৱ শংকৰদেৱৰ পিচৰ অসমীয়া মহাপুৰুষীয়া ধৰ্মৰ ধৰ্মাধিকাৰী ৷ কছাৰীৰ উপদ্ৰবত মাধৱদেৱৰ পিতৃ বৰকণাগিৰি ( মহোদৰ বা গোবিন্দ গিৰি ) নিজৰ ভাৰ্য্যাসহিত ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰলৈ পলাই অহাৰ সময়ত বাটতে তেওঁলোকৰ সকলো সম্পত্তি চুৰে নিয়ে ৷ এনে অসহায় অৱস্থাত অসম ৰজাৰ উজিৰ হৰিশিঙা গিৰীয়ে লগ পায় নিজৰ ঘৰতে পৰিচৰ্য্যা কৰি ৰাখে ৷ এই হৰিশিঙা গিৰীৰ ঘৰতে 1489 চনত মাধৱদেৱৰ জন্ম হয় ৷ ইয়াতেই তেঁও ডাঙৰ-দীঘল হোৱাৰ পিছত লখিমপুৰ জিলাৰ নাৰায়ণপুৰ নামে ঠাইৰ লেটেকুপুখুৰিৰ পাৰতে নিজৰ পিতৃ-মাতৃসহ নিগাজিকৈ বাস কৰে ৷ প্ৰথম অৱস্থাত শাক্ত ধৰ্মৰ প্ৰতি আসক্ত আছিল যদিও শংকৰদেৱক লগ পোৱাৰ পিছত বৈষ্ণব ধৰ্মত নিজকে সমৰ্পণ কৰে ৷ তেঁওৰ প্ৰধান তত্ত্বমূলক বৈষ্ণৱ ধৰ্মৰ গ্ৰন্থ হ'ল "নামঘোষা" ৷ আনহাতে তেঁও একাধিক বৰগীত, ভটিমা, নাট (ঝুমুৰা) আদিও ৰচনা কৰে ৷
English: Madhabdev, SriSri Madhabdev,
Assamese: বঢ়াৰ-পো, মাধৱদেৱ, শ্ৰীশ্ৰীমাধৱদেৱ

Related Idea:

a. Proper Noun-Masculine: Sankardev, Srimanta Sankardeva, Xongkordev, অধিকাৰী, গঙ্গাধৰ...

6. MusicEkasarana Dharma(Proper Noun) The Borgeets (literally: great songs) are devotional songs, set to music and sung in various raga styles. It's written by Sankardev and Madhavdev. The songs themselves are written in the 'Brajavali' language. মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱৰ দ্বাৰা ৰচিত বৈষ্ণৱধৰ্মৰ বিশেষ ৰাগ-ৰাগিনীৰে গোৱা একশ্ৰেণীৰ উপাসনা গীত ৷ এই গীতসমূহ ব্ৰজাৱলী ভাষাত ৰচিত ৷
English: Borgeet,
Assamese: বৰগীত,
Bodo: बरगीत

7. LiteratureEkasarana Dharma(Proper Noun) a series of prayers song written by Sankardev and Madhavdev. Sankardev written mainaly there type of song named Deva bhatima (panegyrics to God), Naat bhatima (for use in dramas) and Raja bhatima (panegyrics to kings) and Madhavdev written Guru Bhatima. মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱে ৰচনা কৰা গুণ-বৰ্ণনা বা স্তুতি বিষয়ক এক শ্ৰেণীৰ গীত৷ মহাপুৰুষ শংকৰদেৱে তিনিধৰণৰ ভটিমা ৰচনা কৰে৷ দেৱ ভটিমা (ভগৱানৰ স্তুতি বিষয়ক), নাট ভটিমা(অংকীয়া নাটত ব্যৱহৃত) আৰু ৰাজ ভটিমা (ৰজাৰ স্তুতি বিষয়ক) কিন্তু মাধৱদেৱে ইয়াৰ লগতে নিজৰ গুৰু শংকৰদেৱৰ গুণ বৰ্ণনা কৰি গুৰু ভটিমা ৰচনা কৰে৷
English: Bhatima,
Assamese: ভটিমা

8. MusicEkasarana Dharma(Abstract Noun) One who plays drums, specially Khool, Dhool ect. খোল বজাওঁতা, বিশেষকৈ অসমীয়াত ৷
English: drummer,
Assamese: বায়ন

9. MusicEkasarana Dharma(Common Noun-Masculine) One who sings devotional songs of Srimanta Sankardev
Assamese: গায়ন, বৈতালিক, স্তুতি-পাঠক

Super Idea:

a. Common Noun-Masculine: singer, vocalist, কণ্ঠশিল্পী, গাওঁতা, গানুৱা...

10. Ekasarana DharmaPlace(Proper Noun-Neuter) A pilgrimage of the religious head of the Baishnavas. The famous place of the Nagaon district, Assam; where Srimanta Sankardeva passed his child-hood. নগাঁও জিলাত থকা এখন ঠাইৰ নাম, য’ত মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে বাস কৰিছিল ৷
English: Bardowa, Botdrowa,
Assamese: বটদ্ৰৱা, বৰদোৱা

11. Ekasarana Dharma(Proper Noun-Neuter) one of the famous Bor namghar (place of worship) in Assam, established by saint-reformer Madhabdev in 1461. It is located at Dhekiakhowa village of Jorhat, 3.5 km away from National Highway 37. Now this Bor namghar has 11 bighas of land, an auditorium of its own. The devotees of Assam donate freely to this namghar and due to their helping hand, the managing committee of namghar works a lot of social and cultural welfares. Almost 450 years old ,this namghar has been playing an important role in the exercise of Baisnav Religion and unity for the people of Assam. অসমৰ যোৰহাট নগৰৰ পৰা প্ৰায় ১৫ কিলোমিটাৰ পূবত ঢেঁকীয়াখোৱা বৰ নামঘৰ অৱস্থিত৷ জনশ্ৰুতি অনুসৰি প্ৰায় ৪৫০ বছৰৰ আগতে মহাপুৰুষ মাধৱদেৱে এই নামঘৰ প্ৰতিষ্ঠা কৰিছিল৷ মহাপুৰুষ মাধৱদেৱে এই স্থানতে এগছি বন্তি জ্বলাইছিল, যিগছি বন্তি সুদীৰ্ঘ চাৰে চাৰিশ বছৰ ধৰ্মপ্ৰাণ ৰাইজে জ্বলাই ৰাখিছে৷ নামঘৰটোৰ মুঠ মাটিকালি ১১ বিঘা৷ ভাদ মাহত ঢেঁকীয়াখোৱা বৰ নামঘৰ মৰ্ত্যৰ বৈকুণ্ঠপুৰীলৈ পৰিণত হয় বুলি লোকবিশ্বাস আছে৷ প্ৰতি বছৰে ভাদ মাহত ইয়াত চাৰি প্ৰসংগীয়া পালনাম অনুষ্ঠিত হয়৷ অগণন ভক্তৰ সমাৱেশ হয়৷
English: Dhekiakhowa Bornamghar,
Assamese: ঢেঁকীয়াখোৱা বৰ নামঘৰ

12. Ekasarana Dharma(Verb-Intran.) to start or initiate singing during a prayer session প্ৰাৰ্থনা বা নাম-কীৰ্ত্তনৰ সময়ত নাম গাবলৈ আৰম্ভ কৰ্ বা গায়নত আগভাগ ল
Assamese: নাম লগা

13. Ekasarana Dharma(Abstract Noun) a hymn composed by the Vaishnavite saints like Shankardev মহাপুৰুষ শঙ্কৰদেৱ প্ৰমুখ্যে বৈষ্ণৱ গুৰুসকলে ৰচনা কৰা বাৰটা স্বৰযুক্ত আখৰৰ এবিধ ছন্দোৱদ্ধ স্তুতিগীত
Assamese: তোটয়

14. Ekasarana Dharma(Verb-Intran.) to discuss or narrate the life-story or biography of the `gurus` in the `namghar` during religious congregations নামঘৰত ধৰ্মীয় অনুষ্ঠানৰ সময়ত গুৰুসকলৰ জীৱন-চৰিত সম্পৰ্কে আলোচনা কৰ্
Assamese: চৰিত তোল্

15. Ekasarana Dharma(Proper Adj.-Common &/or Masculine) a self-style bhakat without being initiatiated by a guru কোনো গুৰুৰ ওচৰত শৰণ নোলোৱাকৈ নিজে-নিজে হোৱা ভকত
Assamese: গুটীয়া ভকত

16. Ekasarana Dharma(Proper Adj.-Masculine) the person who trains the newly inducted disciples about customs and rituals in a Vaishnavite sattra বৈষ্ণৱ সত্ৰত নতুনকৈ শৰণ লোৱা লোৱা লোকক সদাচাৰ শিকোৱা ভকত
Assamese: অঞ্জনীয়া

17. Ekasarana Dharma(Abstract Noun) prayer, guru (the teacher), bhakat (the disciples) and deity - these four prime elements of vaisnava faith নাম, গুৰু, ভকত আৰু দেৱ, একশৰণ নাম-ধৰ্মৰ এই চাৰি মূল সত্য
Assamese: চাৰি-বস্তু

18. Ekasarana Dharma(Abstract Noun) the four sacred prayers of the Vaisnavas, i.e. in the morning, noon, afternoon and night দিনটোৰ চাৰিটা ভিন-ভিন সময়ত (পুৱা, দুপৰীয়া, আবেলি আৰু ৰাতি) গোৱা নাম
Assamese: চাৰি-প্ৰসঙ্গ

19. Ekasarana Dharma(Verb-Intran.) to stop or finish reciting prayer নাম গোৱা শেষ কৰ্
Assamese: নাম থ, নাম সামৰ্

20. Ekasarana Dharma(Common Noun-Masculine) the chief or the main guru of a vaisnavite sattra, a monastery. বৈষ্ণৱ সত্ৰ একোখনৰ মুৰব্বী বা মূল গুৰুজন।
Assamese: সত্ৰাধিকাৰ

21. Ekasarana Dharma(Common Noun-Common &/or Masculine) a fellow disciple initiated by the same Guru. গুৰুৰপৰা একেলগে শৰণ লোৱা লোক
Assamese: হৰি-ভকত

22. Ekasarana Dharma(Abstract Noun) surrender to only one deity or God কেৱল এক ঈশ্বৰত বিশ্বাস বা শৰণ
Assamese: অনন্য-শৰণ, এক-শৰণ

23. Ekasarana Dharma(Abstract Noun) Any literary works dedicated to Vaishnavite culture.
English: Vaishnavite Literature,
Assamese: বৈষ্ণৱ-সাহিত্য

24. Ekasarana Dharma(Abstract Noun) the feeling of being a servant or slave to God নিজকে ঈশ্বৰৰ সেৱক বা দাস বুলি ভবা মনোভাৱ
Assamese: দাসোহং, দাস্যভক্তি

25. Ekasarana Dharma(Verbal Noun) worshiping Vishnu or Hari by singing religious songs. ধৰ্মীয় গীত বা নাম-গুণ গাই বিষ্ণুৰ আৰাধনা কৰা।
Assamese: নাম-গোৱা, হৰি-কীৰ্ত্তন, হৰিসেৱা

26. Ekasarana Dharma(Proper Adj.-Neuter) pertaining to or concerning `bhokot` (a vaishnavite devotee) ভকতৰ মাজত প্ৰচলিত বা ভকত সম্বন্ধীয়
Assamese: ভকতীয়া

27. Ekasarana Dharma(Common Noun-Masculine) A position in the Vaisnavite Monasteries or `Satra`s of Assam, responsible for public recital of religious texts. সত্ৰসমূহৰ এটা পদবী; সত্ৰত পাঠ পঢ়া লোক
Assamese: পাঠেক

28. Ekasarana Dharma(Proper Noun-Neuter) Name of a place in Barpeta district. It is famous for Sundaridiya Satra, established by most famous vaishnavite saint Sri Madhovdev. বৰপেটা জিলাৰ এখন ঠাই৷ শ্ৰীমন্ত মাধৱদেৱে স্থাপন কৰা সুন্দৰীদিয়া সত্ৰখনৰ বাবে বিখ্যাত৷
English: Sundaridiya,
Assamese: সুন্দৰীদিয়া

29. Ekasarana Dharma(Proper Noun-Neuter) Name of a place in Barpeta district. It is famous for Patbauxi Satra, rstablished by most famous vaishnavite saint Sri Sankardev. বৰপেটা জিলাৰ এখন ঠাই৷ শ্ৰীমন্ত শংকৰদেৱে স্থাপন কৰা পাটবাউসী সত্ৰখনৰ বাবে বিখ্যাত৷
English: Patbauxi,
Assamese: পাটবাউসী

30. Ekasarana Dharma(Proper Noun-Masculine) A vaishavite saint in Assam of fifteenth century. অসমৰ প্ৰথম বৈষ্ণৱ ধৰ্ম প্ৰচাৰক মহাপুৰুষ "শ্ৰী শ্ৰী হৰিদেৱ" মহাপুৰুষ চাৰিজনৰ ভিতৰত অসমত বৈদিক বৈষ্ণৱ ধৰ্মৰ প্ৰথম প্ৰচাৰক ``শ্ৰী শ্ৰী হৰিদেৱ`` ১৪২৬ খ্ৰীষ্টাব্দৰ ভাদ মাহৰ শুক্লা পঞ্চমী তিথিত লক্ষীমপুৰৰ নাৰায়ণপুৰত মহাপুৰুষ শ্ৰী শ্ৰী হৰিদেৱৰ জন্ম হয় ৷ মহাপুৰুষ শ্ৰী শ্ৰী হৰিদেৱে ভগৱানৰ পূজাত কোনো ধৰণৰ বলি-বিধানৰ বিপৰীতে বেদ, গীতা, ভাগৱত আদিত উল্লিখিত ধৰণে শ্ৰীকৃষ্ণকেই সকলো ভগৱানৰ মূল বুলি মানি কৃষ্ণৰ পূজা- অৰ্চ্চনা কৰাতহে বিশ্বাস কৰিছিল ৷
English: Sri Sri Haridev,
Assamese: শ্ৰীশ্ৰীহৰিদেৱ, হৰিদেৱ

31. Ekasarana Dharma(Abstract Noun) After Srimanta Sankardev, Baishavism in Assam breaks down to 4 sects. Brahma-sanghati by Damodardev, Kalsanghati by Gopaldev and Aniruddhadev, Nikasanghati by Madhavdev and Purushsanghati by Sankardev himself. শংকৰদেৱৰ মৃত্যুৰ পাছত, বৈষ্ণৱ ধৰ্ম্ম ব্ৰহ্মসংহতি,পুৰুষসংহতি, কালসংহতি আৰু নিকাসংহতি এই চাৰি ভাগত বিভক্ত হৈছিল৷ দামোদৰৰ মত হ`ল ব্ৰহ্মসংহতি , শংকৰৰ মত পুৰুষসংহতি, গোপাল দেৱৰ আৰু অনিৰুদ্ধদেৱৰ কালসংহতি আৰু মাধৱৰ নিকাসংহতিl
English: Purushsanghati,
Assamese: পুৰুষসংহতি

32. Ekasarana Dharma(Abstract Noun) After Srimanta Sankardev, Baishavism in Assam breaks down to 4 sects. Brahma-sanghati by Damodardev, Kalsanghati by Gopaldev and Aniruddhadev, Nikasanghati by Madhavdev and Purushsanghati by Sankardev himself. শংকৰদেৱৰ মৃত্যুৰ পাছত, বৈষ্ণৱ ধৰ্ম্ম ব্ৰহ্মসংহতি,পুৰুষসংহতি, কালসংহতি আৰু নিকাসংহতি এই চাৰি ভাগত বিভক্ত হৈছিল৷ দামোদৰৰ মত হ`ল ব্ৰহ্মসংহতি , শংকৰৰ মত পুৰুষসংহতি, গোপাল দেৱৰ আৰু অনিৰুদ্ধদেৱৰ কালসংহতি আৰু মাধৱৰ নিকাসংহতিl
English: Nikasanghati,
Assamese: নিকাসংহতি

33. Ekasarana Dharma(Abstract Noun) After Srimanta Sankardev, Baishavism in Assam breaks down to 4 sects. Brahma-sanghati by Damodardev, Kalsanghati by Gopaldev and Aniruddhadev, Nikasanghati by Madhavdev and Purushsanghati by Sankardev himself. শংকৰদেৱৰ মৃত্যুৰ পাছত, বৈষ্ণৱ ধৰ্ম্ম ব্ৰহ্মসংহতি,পুৰুষসংহতি, কালসংহতি আৰু নিকাসংহতি এই চাৰি ভাগত বিভক্ত হৈছিল৷ দামোদৰৰ মত হ`ল ব্ৰহ্সংহতি , শংকৰৰ মত পুৰুষসংহতি, গোপাল দেৱৰ আৰু অনিৰুদ্ধদেৱৰ কালসংহতি আৰু মাধৱৰ নিকাসংহতিl
English: Brahma-sanghati,
Assamese: ব্ৰহ্মসংহতি

34. Ekasarana Dharma(Abstract Noun) After Srimanta Sankardev, Baishavism in Assam breaks down to 4 sects. Brahma-sanghati by Damodardev, Kalsanghati by Gopaldev and Aniruddhadev, Nikasanghati by Madhavdev and Purushsanghati by Sankardev himself. শংকৰদেৱৰ মৃত্যুৰ পাছত, বৈষ্ণৱ ধৰ্ম্ম ব্ৰহ্মসংহতি,পুৰুষসংহতি, কালসংহতি আৰু নিকাসংহতি এই চাৰি ভাগত বিভক্ত হৈছিল৷ দামোদৰৰ মত হ`ল ব্ৰহ্মসংহতি , শংকৰৰ মত পুৰুষসংহতি, গোপাল দেৱৰ আৰু অনিৰুদ্ধদেৱৰ কালসংহতি আৰু মাধৱৰ নিকাসংহতিl
English: Kalsanghati,
Assamese: কালসংহতি

35. Ekasarana Dharma(Abstract Noun) a religious occasion generally celebrated as an annual event particularly in the vaishnabite tradition of Assam
Assamese: বৰসবাহ

36. Ekasarana Dharma(Abstract Noun) a philosophy or religion that believes in enlightenment of the human conscience through universal love; it was promoted by saint/scholar Shrimanta Shankardeva in Assam সাৰ্বজনীন প্ৰেমৰ জৰিয়তে মানৱৰ সাত্বিক উত্তৰণ আৰু মোক্ষ প্ৰাপ্তিত বিশ্বাস কৰা এক দৰ্শন বা ধৰ্ম; অসমৰ মহাপুৰুষ শঙ্কৰদেৱে এই ধৰ্মমত প্ৰচাৰ কৰিছিল৷
English: neovaishnavism,
Assamese: নৱবৈষ্ণৱ

37. Ekasarana Dharma(Common Noun-Common &/or Masculine) devotee of Lord Krishna
Assamese: কৃষ্ণপৰায়ণ, কৃষ্ণভক্ত, কৃষ্ণাশ্ৰিত